ড’নাল্ড ট্রাম্পে কালি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰে। ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত ৱাশ্বিংটনৰ কেপিটেল হিলত আমেৰিকাৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে ৭৮ বছৰীয়া ড’নাল্ড জন ট্রাম্পক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। অৱশ্যে বেয়া বতৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠান ৱাশ্বিংটনৰ ৰতুনডা হলঘৰৰ ভিতৰত অনুষ্ঠিত হয়। ট্রাম্পৰ লগতে জে ডি ভেন্সে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ৫ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত ড’নাল্ড ট্রাম্পে তেওঁৰ প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাজিত কৰি দ্বিতীয় বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হৈছিল। শপত গ্রহণ অনুষ্ঠানত কালি বিশ্বৰ কেইবাগৰাকীও চৰকাৰ প্ৰধানে অংশগ্ৰহণ কৰে। এইসকলৰ ভিতৰত আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলি, ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নি, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অর্বানো আছে। শপত গ্রহণ অনুষ্ঠানত বিশ্বৰ আগশাৰীৰ উদ্যোগপতি তথা টেচলাৰ স্বত্বাধিকাৰী এল’ন মাস্ক, এমাজনৰ স্বত্বাধিকাৰী জেফ বেজ’জ, মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ, এপ’ল’ৰ স্বত্বাধিকাৰী টিম কুকেও অংশগ্ৰহণ কৰে। শপত গ্রহণ অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি ট্রাম্পে পৰম্পৰা অনুসৰি ৰাষ্ট্ৰক সম্বোধি ভাষণ প্ৰদান কৰে। ভাষণত ৰাষ্ট্ৰপতি ট্রাম্পে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ সংকল্প লয়। নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ মন্ত্রীসভাক তেওঁলোকৰ ক্ষমতা ব্যৱহাৰ কৰি সামগ্ৰীৰ ব্যয় হ্রাস কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে। শপত গ্ৰহণৰ পিছত প্ৰথমটো ভাষণত ডনাল্ড ট্রাম্পে সেনাই নিজৰ অভিযানৰ বাবে মুক্তভাবে হ’ব বুলি উল্লেখ কৰে। সকলোকে সমান সুযোগ প্রদান কৰাৰ লগতে আন দেশৰ ওপৰত শুল্ক আৰু কৰ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। এতিয়াৰে পৰা কাকো আমেৰিকাত অনুপ্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও দৃঢ়তাৰে উল্লেখ কৰে। মেক্সিকো উপসাগৰক এতিয়াৰে পৰা আমেৰিকাৰ উপসাগৰ বুলি কোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে ৷
Site Admin | January 21, 2025 12:14 PM | Donald Trump