ডাউনলোড
মোবাইল এপ

android apple
signal

November 17, 2024 11:09 AM | GSAT-20 | ISRO

printer

আমেৰিকাৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে উৎক্ষেপণ কৰা হব ভাৰতৰ উপগ্রহ GSAT-20

ভাৰতৰ যোগাযোগ উপগ্রহ GSAT-20 আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে আমেৰিকাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে স্পেচএক্সৰ ফেলকন-9 নামৰ ৰকেটটোৰ জৰিয়তে ইছৰোৰ GSAT-20 নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হ’ব। উপগ্ৰহটো ১৪ বছৰলৈকে কাৰ্যক্ষম হৈ থাকিব বুলি আশা কৰা হৈছে। এই উপগ্ৰহটোৰ জৰিয়তে দুর্গম অঞ্চলত ইণ্টাৰনেট সংযোগকে ধৰি সমগ্ৰ ভাৰততে যোগাযোগৰ অনান্য গুৰুত্বপূৰ্ণ সেৱা আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে প্রায় ৪,৭০০ কিলোগ্রাম ওজনৰ GSAT-20 নামৰ উপগ্ৰহটো ভাৰতৰ অন্যতম গধুৰ যোগাযোগ উপগ্ৰহ হিচাপে চিহ্নিত হৈছে। এই উপগ্ৰহটো ভাৰতৰ নিজা ৰকেট LVM-3য়ে কঢ়িয়াব নোৱাৰাৰ বাবে স্পেচএক্সক উৎক্ষেপণৰ বাবে বাছনি কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰত এনে গধুৰ উপগ্রহ উৎক্ষেপণৰ বাবে ফ্ৰান্সৰ এৰিয়ান স্পেচ নামৰ প্রতিষ্ঠানটোৰ সৈতে চুক্তিবদ্ধ আছিল। কিন্তু বৰ্তমান প্ৰতিষ্ঠানটোৱে তেনে ৰকেট যোগান ধৰিব নোৱাৰাৰ বাবে স্পেচএক্সৰ সৈতে চুক্তিবদ্ধ হয়।

অধিক পঢ়ক

সকলো চাওক