ডাউনলোড
মোবাইল এপ

android apple
signal

December 8, 2024 5:41 PM | Dr. S Jaishankar

printer

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাইঃ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই। কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে এই কথা উল্লেখ কৰে। ড° জয়শংকৰে লগতে কয় যে, এই বিষয়ত ব্রীক্স দেশসমূহৰ উমৈহতীয়া স্থিতি নাই । আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পে ব্রীক্স দেশসমূহে উমৈহতীয়া মুদ্ৰাৰ পৰিকল্পনা আগবঢ়াই নিলে এশ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ এসপ্তাহৰ পাছত ড° এছ জয়শংকৰে এই মন্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে, কাটাৰৰ প্ৰধানমন্ত্ৰী তথা দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ বীন আব্দুল ৰহমানৰ আমন্ত্ৰণত দোহা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ড° জয়শংকৰ কাৰ্টাৰত উপস্থিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক