● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ঘোষণাৰ অংশ হিচাপে চলিত মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিশুল্ক ঘোষণা কৰে। ভাৰতৰ উপৰি ভিয়েটনামৰ সামগ্ৰীৰ ক্ষেত্ৰত ৪৬ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, জাপানৰ সামগ্ৰীৰ ক্ষেত্ৰত ২৪ শতাংশ আৰু ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ শুল্ক ঘোষণা কৰে।
ৰাষ্ট্ৰপতি ট্রাম্পৰ এই প্ৰতিশুল্ক চীনৰ অৰ্থনীতিৰ ক্ষেত্ৰত মোক্ষম আঘাত হ’ব পাৰে বুলি আশংকা কৰা হৈছে, যিয়ে বেইজিঙৰ বিকাশ ২.৪ শতাংশ পইণ্ট হ্ৰাস কৰিব পাৰে। বাৰ্ষিক ৫ শতাংশ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা চীনৰ অৰ্থনীতি এই প্ৰতিশুল্ক নীতিৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। আমেৰিকাৰ প্ৰতিশুল্ক নীতি সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলে কয়, যে চৰকাৰে যোৱা ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ট্ৰাম্পৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্তমর্মে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ক্ষেত্ৰত কাম কৰি আছে। এই ক্ষেত্ৰত ভাৰতৰ আমেৰিকাৰ সৈতে যিসমূহ সিদ্ধান্ত লোৱা হৈছিল, সেই সকলোবোৰ সঠিক দিশেৰে পৰিচালিত হৈ আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
এসপ্তাহ পূৰ্বে আমেৰিকাৰ সচিব মাৰ্ক’ ৰুবিয়’ই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে শুল্ক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে দুয়োখন দেশে ন্যায্য আৰু নিয়ন্ত্রিত বাণিজ্য আগবঢ়াই নিবলৈ দৃঢ় প্রতিজ্ঞ।