ডাউনলোড
মোবাইল এপ

android apple
signal

আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ আহ্বান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তিৰ নিজৰা ব’বলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ৰাজ্যখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ বিষয়ে আলোকপাত কৰে।
২০২৪ চনত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যদা লাভ কৰা, চৰাইদেউৰ মৈদামক্ষেত্রসমূহে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা, বিহুৱে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা, লাচিত বৰফুকনৰ প্রতিমুর্তিয়ে দেশৰ ভিতৰতে অনন্য স্থান পোৱা আদি বিষয়সমূহত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে। মুখ্য মন্ত্রী শ্ৰীশৰ্মাই ষ্টাৰ্ট আপ সমূহৰ প্ৰগতি সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যত প্ৰথমবাৰৰ বাবে ষ্টার্টআপ বিভাগ সৃষ্টি কৰা হব বুলি ঘোষণা কৰে। তেওঁ ষ্টার্টআপসমূহক নতুন অসমৰ অৰ্থনৈতিক নৱজাগৰণ বুলি আখ্যা দিয়ে। তদুপৰি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। তেওঁ ২০০৫ চনৰ পূৰ্বে নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই ডিব্ৰুগড়, তেজপুৰ, আৰু শিলচৰ চহৰক মহানগৰলৈ উন্নীত কৰাৰ বাবে আন্তঃগাথনি উন্নয়ন সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে ২০২৭ চনৰ পূৰ্বে ডিব্ৰুগড়ত এখন বিধানসভা চৌহদ নিৰ্মাণ কৰা হ’ব। ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয় ৰাজধানী হব বুলিও তেওঁ সদৰি কৰে। ইপিনে, তেজপুৰতো এটা ৰাজ ভৱন নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয়, যে তেজপুৰ চহৰখন ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ় দিয়া হ’ব। তেওঁ শিলচৰতো ক্ষুদ্র সচিবালয় তথা মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে।

অধিক পঢ়ক

সকলো চাওক