বিধি বলৱৎকাৰী সঞ্চালকালয়ে, দিল্লী উচ্চ ন্যায়ালয়ক আবকাৰী নীতি কেলেংকাৰি সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ’ব বুলি অৱগত কৰিছে। এই গোচৰত দলটোৰ মুৰববী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি তিনিজন মূল নেতাক কাৰাগাৰত বন্দী কৰা হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে কোনো এটা ৰাজনৈতিক দলক যিকোনো গোচৰত অভিযুক্ত কৰা হ’ব। তদন্তকাৰী সংস্থাটোৱে আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰি থকা আদালতত জনাই যে গোচৰটোৰ সন্দৰ্ভত পৰিপূৰক অভিযোগনামা দাখিল কৰা হ’ব আৰু তাত দলৰ নাম উল্লেখ থাকিব। বিধি বলৱৎকাৰী সঞ্চালকালয়ে এই কেলেংকাৰি সন্দৰ্ভত অবৈধ ধনৰ সৰবৰাহৰ দিশটো তদন্ত কৰি আছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শ্ৰীকেজৰিৱালৰ অন্তৱৰ্তী জামিন মঞ্জুৰ কৰাৰ কেইদিনমানৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা বছৰৰ অক্টোবৰত আপক অভিযুক্ত কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্রশ্ন উত্থাপন হৈছিল। তদন্তকাৰী সংস্থাটোৱে সুৰা নীতি গোচৰত লাভান্বিত হোৱা ৰাজনৈতিক দলৰ নাম কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰি বুলি প্ৰশ্ন উত্থাপন কৰিছিল।
Site Admin | May 15, 2024 6:22 PM | ED AAp Co accused