ডাউনলোড
মোবাইল এপ

android apple
signal

January 12, 2025 8:43 PM | Hardeep Singh Puri

printer

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৰাজধানী দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীপুৰীয়ে কয়, যে বিগত বিধানসভা নিৰ্বাচনত শ্ৰীকেজৰিৱালে বায়ু প্ৰদূষণ হ্ৰাস কৰা, যমুনা নৈ পৰিষ্কাৰকৰণ, সকলোৰে বাবে স্বাস্থ্য সেৱা আৰু মহানগৰীখনত ৫০০ খন নতুন চৰকাৰী বিদ্যালয় স্থাপনকে ধৰি ১০ টা গেৰাণ্টি প্ৰদান কৰিছে। শ্ৰীপুৰীয়ে তেওঁলোকে আনকি ১০০ খন বিদ্যালয় স্থাপন কৰিবলৈও সমৰ্থ নহ’ল বুলি অভিযোগ তোলে। তেওঁ লগতে কয়, যে নিৰ্ধাৰিত সীমাতকৈ যমুনা নৈৰ প্ৰদূষণ ৫০০ গুণ অধিক হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দলটোৱে পঞ্জাৱৰ মহিলাসকলক প্ৰতি মাহে এহেজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁলোকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। এই অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰীকেজৰিৱালে দিল্লীৰ বস্তি অঞ্চলৰ বাসিন্দাসকলক বিজেপিয়ে প্রবঞ্চনা কৰিছে বুলি প্ৰতি অভিযোগ উত্থাপন কৰে। নতুন দিল্লীত সাংবাদিকৰ আগত তেওঁ কয়, যে দিল্লীত বিজেপি শাসনলৈ আহিলে সমগ্র বস্তি এলেকা দলটোৱে নিঃচিহ্ন কৰি পেলাব। আপৰ আহ্বায়কগৰাকীয়ে লগতে কয়, যে দিল্লীত কমেও ৪ লাখ বস্তি অঞ্চলৰ বাসিন্দা আছে আৰু বিজেপিয়ে যোৱা ১১ বছৰত মাত্র ৪,৭০০ টা বাসগৃহহে তেওঁলোকৰ বাবে নিৰ্মাণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক