July 28, 2024 6:29 PM | Mann Ki Baat

printer

আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুন্দৰ প্ৰদৰ্শনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

আকাশবাণীৰ মন কী বাতৰ আজিৰ খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে। এই অলিম্পিয়াদত ভাৰতীয় দলটোৱে ৪ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি শীৰ্ষ ৫ টা দলৰ ভিতৰত স্থান লাভ কৰে। আন্তৰ্জাতিক গণিত অলিম্পিয়াদত এইবাৰ এশ খনৰো অধিক দেশৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্রীয়ে এই অলিম্পিয়াদত অংশগ্ৰহণেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকল ক্ৰমে পুণেৰ আদিত্য ভেংকত গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নইডাৰ কানৱ টালোৱাৰ, মুম্বাইৰ ৰুছিল মাথুৰ, গুৱাহাটীৰ আনন্দ ভাদুৰীৰ নাম উল্লেখ কৰে। তেওঁ এই অলিম্পিয়াদত পদকপ্রাপ্তসকলৰ সৈতে তেওঁলোকৰ অভিজ্ঞতাৰ সন্দৰ্ভত মত বিনিময় কৰে । ৰুছিল মাথুৰ আৰু আনন্দ ভাদুৰীয়ে কেনেকৈ এজন শিক্ষাৰ্থীয়ে গণিতৰ প্ৰতি থকা ভয় আঁতৰ কৰি বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তুলিব পাৰে, সেই বিষয়ে প্রধানমন্ত্ৰীক বিৱৰি কয় । আদিত্য ভেংকত গণেশ আৰু সিদ্ধার্থ চোপ্ৰাই কয় যে তেওঁলোক সৰুৰে পৰাই গণিতৰ প্ৰতি আগ্ৰহী আছিল। আনহাতে অর্জুন গুপ্তা আৰু কানৱ টালোৱাৰে অলিম্পিয়াদৰ বাবে প্ৰস্তুতি আৰু কঠোৰ পৰিশ্ৰমৰ সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰায়। শ্রীমোদীয়ে আটাইকেইজনকে উজ্বল ভৱিষ্যত কামনা কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে প্ৰশংসা কৰে ।