ডাউনলোড
মোবাইল এপ

android apple
signal

September 25, 2024 7:47 PM | VP UP Visit

printer

আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ দ্বিতীয় সংস্কৰণক সম্বোধন উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ ভিতৰত অন্যতমৰূপে আৰু গোলকীয় বিনিয়োগৰ আকৰ্ষণীয় স্থলীৰূপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত আয়োজিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ ৰ দ্বিতীয় সংস্কৰণক সম্বোধন কৰি শ্ৰীধনখড়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতীয় অৰ্থব্যৱস্থাৰ পৰিধি প্রায় ৪ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী দশকত দেশৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ১২ টা নতুন ঔদ্যোগিক ক্ষেত্ৰৰ বিকাশ অব্যাহত আছে আৰু এই ক্ষেত্রসমূহে কৃত্রিম বুদ্ধিমত্তা, বৈদ্যুতিন গতিশীলতা আৰু অর্ধপৰিবাহীৰ দৰে উদীয়মান প্ৰযুক্তিসমূহৰ প্ৰসাৰত সহায় কৰিব। কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঝি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও এই অনুষ্ঠানত অংশ লয়। এই উপলক্ষে জিতন ৰাম মাঝিয়ে দেশত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত ৰূপায়ণ হৈ থকা কামৰ বিষয়ে আলোকপাত কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে, ৰাজ্যখনৰ প্ৰায় ৯৬ লাখ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে দেশৰ অৰ্থনৈতিক বিকাশত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। উত্তৰ প্ৰদেশ দেশৰ বিকাশৰ চালিকা শক্তিৰূপে পৰিগণিত হোৱা বুলিও তেওঁ মন্তব্য কৰে। আমাৰ সংবাদদাতাই জনাইছে যে, ভিয়েটনাম এই মেলাৰ সহযোগী ৰাষ্ট্ৰ। ৫ দিনীয়া এই মেলাত দেশ বিদেশৰ প্ৰায় ২ হেজাৰ ৫শ প্ৰদৰ্শনকাৰীয়ে ভাগ লৈছে।

অধিক পঢ়ক

সকলো চাওক