ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। নাৰী শক্তিৰে বিকশিত ভাৰত বিষয়বস্তুৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এই সন্মিলনখনৰ আয়োজন কৰিছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া, দিল্লী পুলিচৰ বিষয়া, মাই ভাৰত স্বেচ্ছাসেৱক, অংগনবাড়ী কর্মী, আশা কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য সমন্বিতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে বিশ্ব বেংক, ইউনিছেফ, ৰাষ্ট্ৰসংঘৰ মহিলা গোটকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিসকল এই সন্মিলনত উপস্থিত থাকিব।
উল্লেখযোগ্য যে, সমগ্র বিশ্বতে ৮ মাৰ্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰূপে উদযাপন কৰা হয়। এইবাৰৰ নাৰী দিৱসৰ বিষয়বস্তু হৈছে– সকলো মহিলা আৰু ছোৱালীৰ বাবে – অধিকাৰ, সমতা, সৱলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে এগৰাকীও মহিলা বাদ নপৰাকৈ সকলোৰে বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ হকে পোষকতা কৰা হৈছে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক তেওঁলোকৰ অনুপ্ৰেৰণামূলক জীৱনযাত্ৰাৰ কথা নমো এপ মুকলি মঞ্চত প্রকাশ কৰিবলৈ আহ্বান জনাইছিল। এটা বিশেষ পদক্ষেপ হিচাপে কেইগৰাকীমান নিৰ্বাচিত মহিলাই ৮ মাৰ্চৰ দিনা প্রধানমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে তেওঁলোকৰ অভিজ্ঞতাসমূহ প্ৰকাশ কৰিব বুলিও শ্রী মোদীয়ে ঘোষণা কৰিছিল
Site Admin | March 7, 2025 10:27 AM | Prez
আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে কাইলৈ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি
