ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 8:09 PM | UN India

printer

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহক অধিক সহযোগিতা আগবঢ়াবৰ বাবে গোলকীয় বিত্তীয় ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত গ্ল’বেল ছাউথৰ অধিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি বহুপাক্ষিক উন্নয়নশীল বেংকৰ পৰা পুঁজিৰ আবণ্টন বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ বৈঠকত বিত্ত মন্ত্ৰ্যালয়ে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ উপদেষ্টা গীতু যোশীয়ে উন্নয়নশীল দেশসমূহৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এটা বিত্তীয় ব্যৱস্থাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ বহুপাক্ষিক বিত্তীয় বেংকৰ পুঁজি আৱণ্টনৰ পৰিমাণ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়ে। তদুপৰি উন্নয়নৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ দূৰ কৰি সহযোগিতা বৃদ্ধিৰ বাবে বহুপাক্ষিক উন্নয়ন বেংকৰ এটা অৰ্থ ব্যৱস্থা গঢ়ি তোলাৰ তেওঁ পোষকতা কৰে। শ্ৰীমতী যোশীয়ে গ্ল’বেল ছাউথৰ সন্মুখত এটা নিদৰ্শন হিচাপে ভাৰতৰ মানৱ সম্পদ কেন্দ্ৰিক বিকাশৰ আৰ্হিৰ কথা উল্লেখ কৰি কয়, যে ভাৰতে ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক