ডাউনলোড
মোবাইল এপ

android apple
signal

October 16, 2024 11:14 AM | ITUWTSA

printer

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক শলাগ

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মান নির্ধাৰণ সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শলাগ লৈছে। শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভাত ভাৰতীয় মোবাইল সভাৰ অষ্টম সংস্কৰণো মুকলি কৰে। উদ্যোগপতিসকলে ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী তথা সংস্কাৰ, উদ্ভাৱন আৰু সহযোগিতাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰো ভূয়সী প্ৰশংসা কৰে। ৰিলায়েন্স জিঅ’ ইনফোকম লিমিটেডৰ অধ্যক্ষ আকাশ আম্বানীয়ে ডিজিটেল পৰিৱৰ্তনত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লয়। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ডিজিটেল খণ্ডৰ বিকাশৰ ক্ষেত্ৰত উদ্ভাৱন আৰু সহযোগিতাৰ বাবে ভাৰতীয় মোবাইল সভাক এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰতিষ্ঠা কৰিছে। ডিজিটেল ইণ্ডিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰি ভাৰতী এয়াৰটেলৰ প্রতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিটালে ভাৰতৰ দূৰ সংযোগৰ যাত্ৰা তথা দূৰ সংযোগ আন্তঃগাঁথনিত পৰিৱৰ্তনশীল বিকাশ আৰু ডিজিটেল প্ৰযুক্তি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে ডিজিটেল ইণ্ডিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে ২০১৪ চনৰে পৰা প্ৰকৃত ৰূপান্তৰ সংস্কাৰ হৈছে। আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাই ডিজিটেল সংযোগৰ প্ৰয়োজনৰ ক্ষেত্ৰত চৰকাৰৰ অবিৰত সহায়- সহযোগিতা সন্দৰ্ভত আলোকপাত কৰে। আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ সচিবপ্রধান ডীন বগডান মার্টিনে গোলকীয় ডিজিটেল শাসনৰ আৱশ্যকতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে চলোৱা প্ৰচেষ্টাৰ কথা স্মৰণ কৰে। শ্ৰীমতী মার্টিনে কয় যে একীকৃত ধনাদায় ইণ্টাৰফেচ সন্দৰ্ভত ভাৰতৰ সাফল্যৰ পৰা বিশ্বই ভালেখিনি শিকিব পাৰে ।

অধিক পঢ়ক

সকলো চাওক