October 13, 2024 9:00 PM | Lok Sabha | Om Birla

printer

আন্তঃসংসদীয় সংঘৰ ১৪৯ সংখ্যক বৈঠকত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাষণ দিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজিৰে পৰা ১৭ অক্টোবৰলৈ জেনেভাত হ’বলগীয়া আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া সংসদীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰিব। শ্রীবিৰলাই বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্ভত ভাষণ দিব। তেওঁ লগতে আন্তঃসংসদীয় সংঘৰ পৰিচালনা পৰিষদৰ বৈঠকত ভাগ ল’ব আৰু কাইলৈ জেনেভাত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। ইয়াৰ উপৰি তেওঁ বৈঠকত ভাগ লোৱাৰ সুযোগতে অন্য দেশত সংসদৰ অধ্যক্ষ সকলকো দেখা কৰিব।
বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া সংসদীয় প্রতিনিধি দলটোত ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ সিং, উভয় সদনৰ সচিব প্ৰধান আৰু সংসদৰ অন্য কেইবাগৰাকী সাংসদ আছে। আন্তঃসংসদীয় সংঘৰ ১৮০ খন সদস্য সংসদ আৰু ১৫ খন সহযোগী সদস্য আছে। সদস্য সংসদসমূহৰ ভিতৰত ভাৰত, চীন আৰু ইণ্ডোনেছিয়াৰ দৰে বৃহৎ দেশৰ লগতে কাবো ৱেৰ্ডে, ছেণ্ট মেৰিনো আৰু পলাউৰ দৰে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ সংসদো আছে।

অধিক পঢ়ক

সকলো চাওক