আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰী পথাৰ এম ভি ভোটকেন্দ্ৰলৈ নিচুকনি বঁটাৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে বিগত সাধাৰণ নিৰ্বাচনত মৰিগাঁও জিলা আয়ুক্তৰ তৎপৰতাত জিলাখনৰ প্ৰতিটো ভোটকেন্দ্র সুন্দৰকৈ সজাই পৰাই তোলাৰ প্ৰয়াস কৰা হৈছিল। ইয়াৰ বাবে জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী জিলাখনৰ ৫২৯ বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিজৰ বিদ্যালয়খন তথা ভোটকেন্দ্ৰ আকৰ্ষণীয় ৰূপত সজাই তুলিবলৈ এখন সভা পাতি অনুৰোধ জনাইছিল। লগতে সুন্দৰকৈ সজাই তোলা শ্রেষ্ঠ বিদ্যালয়খনলৈ নগদ ২০ হাজাৰ টকা, দ্বিতীয় শ্রেষ্ঠ বিদ্যালয়খনলৈ নগদ ১০ হাজাৰ টকা আৰু তৃতীয় শ্ৰেষ্ঠ বিদ্যালয়খনলৈ নগদ ৫ হাজাৰ টকা পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক