আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ স্বাধীনতা সংগ্ৰামত অগ্রণী ভূমিকা গ্ৰহণ কৰা আৰু দেশৰ প্ৰথম উপ প্রধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৩১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱসে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰি এখন ৰাষ্ট্ৰ গঢ়ি তোলাৰ লগতে দেশৰ জনসাধাৰণৰ মাজত একতাৰ ভাৱ সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰচেষ্টাৰ কথা সোঁৱৰাই দিয়ে । এই দিনটোত অসাধাৰণ নেতৃত্ব আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ চৰ্দাৰ বল্লভা ভাই পেটেলক ভাৰতৰ লৌহ মানৱ হিচাপে স্মৰণ কৰা হয় ৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকী উপলক্ষে আজি গুজৰাটৰ কেৱড়িয়াৰ একতা নগৰৰ একতাৰ মূৰ্তিত চৰ্দাৰ বল্লভ ভাই পেটেললৈ পুষ্পার্ঘ্য নিৱেদন কৰিব। ইয়াৰ লগে ৰাষ্ট্ৰীয় একতা দিৱস সমাৰোহ আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীয়ে একতা দিৱসত সংকল্প পাঠ কৰোৱাব। তেওঁ লগতে একতা দিৱসৰ কুচ-কাৱাজো প্ৰত্যক্ষ কৰিব। এই কুচ-কাৱাজত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, এন চি চি, ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড, সীমান্ত সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ জোৱানে অংশ ল’ব। ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ গোটে বিমানেৰে আকাশত ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰিব।
Site Admin | October 31, 2024 11:26 AM | National Unity Days