● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ’ব। দিনৰ ১ বজাত আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পৰিবহন মন্ত্রী যোগেন মহন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।
প্ৰতি বছৰৰ দৰে শিৱসাগৰ জিলাৰ কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউৰ মৈদাম প্রাঙ্গণ, লেচাই মৈদামতো এই অনুষ্ঠান আয়োজন কৰা হৈছে। শিৱসাগৰ চহৰৰ সমীপৰ হাঁহচৰাত দুদিনীয়াকৈ মে-ডাম- মেফি আয়োজনৰ বাতৰি পোৱা গৈছে। ধেমাজিৰ জিলাৰ লগতে গুৱাহাটীৰ হেঙেৰাবাৰী, গণেশগুৰি, পাথৰকুৱেৰীত পূৰ্বপুৰুষসকলক শ্রদ্ধা তৰ্পণৰ উদ্দেশ্যে মে-ডাম-মেফি অনুষ্ঠান আয়োজন কৰা হৈছে। মে- ডাম-মেফি উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ শুভেচ্ছা জনোৱাৰ লগতে পু-লিন, পু- থাওসকলক শ্রদ্ধা নিবেদন কৰিছে।