ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিয়লি ৩ বজাত ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি আবেলি ৩ বজাত সামৰণি পৰে। আজি অন্তিম দিনা ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদ, ২৭ টা পঞ্চায়ত আৰু ২৭০ টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্র দাখিল কৰে। অৱশ্যে জিলাখনৰ কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে সেই বিষয়ে এতিয়ালৈকে নির্বাচনী কর্তৃপক্ষই প্ৰকাশ কৰা নাই। কাছাৰ জিলাত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতাপাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্র দাখিল কৰে। মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তী, কাছাৰ জিলা বিজেপি সমিতিৰ সভাপতি ৰূপম সাহাকে ধৰি দলীয় কর্মীসকলে সমদল উলিয়াই শিলচৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা কাছাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। জিলাখনত কংগ্ৰেছ দলৰ ভূবনেশ্বৰ শ্ৰীকোনা জিলা পৰিষদৰ প্ৰাৰ্থী ফৰিদা পাৰবিন, ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী জমিমা য়াছমিন মজুমদাৰ আৰু কাতিগড় লক্ষ্মীপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী মালাকাৰে মনোনয়ন পত্ৰ দাখিলকৰে।হোজাই জিলাতো আজি শান্তিপূর্ণ ভাৱে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে। হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে দলীয় প্রার্থীসকলক লৈ এই সমগ্ৰ ব্যৱস্থা পৰিদৰ্শন কৰে। জিলাখনৰ লামডিং সমষ্টিৰ অন্তর্গত ১৮খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে আজি লামডিং সম-জিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে। কামৰূপ জিলাত আজি বিজেপি, অগপ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে আসন বুজাবুজিৰে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিয়ে উত্তৰ কামৰূপৰ ১২ খন জিলা পৰিষদত মনোনয়ন পত্র দাখিল কৰে। ইপিনে, দক্ষিণ কামৰূপৰ ১২ খন জিলা পৰিষদৰ ৮ খনত বিজেপি, ৩ খনত অসম গণ পৰিষদ আৰু এখনত ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে প্রার্থীত্ব আগবঢ়াইছে। কংগ্ৰেছ দলে জিলা পৰিষদত নিজৰ প্রার্থী মনোনীত কৰিছে যদিও ভালেসংখ্যক পদত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ পৰা বিৰত আছে বুলি আমাৰ কামৰূপ সংবাদদাতাই প্ৰকাশ কৰিছে ।শ্রীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ আসনৰ বাবে বিজেপিৰ মনোনীত প্রার্থীসকলে দলীয় কৰ্মী আৰু সমৰ্থকৰ সৈতে পদযাত্ৰা কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰো ৪ গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে ৰামকৃষ্ণ সমষ্টিৰ অন্তৰ্গত দুৰ্ল্লবচাৰা, ছেৰাগী, ভৈৰৱ নগৰ আৰু অনিপুৰ জিলা পৰিষদৰ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মঙলৈ বিধানসভা সমষ্টিৰ অধীনৰ জিলা পৰিষদ আসনৰ বাবে দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত থাকে।দক্ষিণ শালমাৰা মানকাচৰত চাৰিখন জিলা পৰিষদৰ, ৩৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৩৫০ খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্র দাখিল কৰে।ইপিনে, নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্রস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ’বলগীয়া গোলাঘাট জিলাৰ মিছামৰা, ৰতনপুৰ, খুমটাই, নামবৰ জিলা পৰিষদৰ নিৰ্বাচনী পর্যবেক্ষকগৰাকীয়ে আজি সকলো দিশ নিৰীক্ষণ কৰে। স্বচ্ছ আৰু নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনসাধাৰণে নিৰ্বাচনী বিধি উলংঘন সম্পর্কীয় যিকোনো অভিযোগ তেওঁৰ ওচৰত দাখিল কৰিব পাৰিব বুলি পর্যবেক্ষকগৰাকীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক