ডাউনলোড
মোবাইল এপ

android apple
signal

আজি বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্রয়োদশ মৃত্যু বার্ষিকী

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি ত্রয়োদশ মৃত্যু বার্ষিকী। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। ড° হাজৰিকাৰ মৃত্যু বার্ষিকীত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা আৰু সৰ্বধর্ম প্রার্থনা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাত মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিল্পীজনাৰ সন্মানাৰ্থে গীত-নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ ত্ৰয়োদশ মৃত্যু বার্ষিকী উপলক্ষে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে গুৱাহাটীৰ চচলত সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। দীঘলীপুখুৰী পাৰত থকা প্রতিমূর্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই ১০ হেজাৰ বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ছাত্ৰ সন্থাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি হিচাপে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকীৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে গণেশপাৰা মিলনজ্যোতি সংঘৰ খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে আজি দিনৰ ২ বজাৰ পৰা ভূপেন্দ্ৰ সংগীত প্রতিযোগিতা আৰু সন্ধিয়া ৫ বজাত মুকলি সভা তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব।
বড়োলেণ্ড বিশ্ববিদ্যালয়তো ড° হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দৰং জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত ড° ভূপেন হাজৰিকাক ত্রয়োদশ মৃত্যু বার্ষিকীত স্মৰণৰ আয়োজন কৰা হৈছে। ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, মানুহে মানুহৰ বাবে আৰু সাংস্কৃতিক মহাসভাৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙলদৈৰ ভূপেন হাজৰিকা স্মৃতি উদ্যানৰ পৰা পুৱা চাৰে পাঁচ বজাত প্ৰভাত ফেৰী উলিওৱাৰ পাছত উদ্যানত থকা প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হয় । শিল্পীগৰাকীৰ কেইবাটাও কালজয়ী গীত পৰিৱেশনেৰে পুৱা ৬.৩০ বজাত এই কাৰ্যসূচীৰ অন্ত পৰে। একেখন উদ্যানতে বিয়লি ৩ বজাৰ পৰা দৰং জিলা ছাত্ৰ সন্থাই আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সহযোগত প্রনিপাত শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বার্ষিকীত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ভূপেন হাজৰিকা অনন্ত কাললৈ অসমৰ আকাশত উজ্জ্বল নক্ষত্ৰ হৈ জীয়াই থাকিব। ভৱিষ্যত প্ৰজন্মই চিৰবন্দিত শিল্পীজনাক অমূল্য অৱদানৰাজিৰে সময়ৰ সোঁতত কঢ়িয়াই লৈ গৈ থাকিব বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মৃত্যুবার্ষিকী উপলক্ষে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যুগজয়ী শিল্পীগৰাকীয়ে সংগীতৰ জৰিয়তে আমাৰ সংস্কৃতি আৰু ভাষাৰ মাহাত্ম্য প্ৰকাশ কৰি দেশক ঐক্যবদ্ধ কৰাত অৰিহণা যোগাইছিল। ড° হাজৰিকাৰ মহান সৃষ্টিৰাজি ভৱিষ্যত প্ৰজন্মৰ বাবে চিৰদিন অনুপ্ৰেৰণাৰ অনন্য উৎস হৈ থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক