আজি বিশ্ব ফটোগ্ৰাফী দিৱস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হৈছে। অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত আজিৰেপৰা এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰদৰ্শনীখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতীতক সংৰক্ষণ কৰি ৰখা বহু উল্লেখনীয় আলোকচিত্ৰৰ সমাহাৰেৰে কলা-অনুৰাগী ৰাইজক নান্দনিক অনুভূতিৰে পুলকিত কৰিব। এই প্ৰদৰ্শনী সোমবাৰ আৰু ৰাজহুৱা বন্ধৰ বাহিৰে প্ৰতি দিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জনসাধাৰণৰ বাবে মুকলি থাকিব। অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাক ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড়তো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডিব্ৰুগড় ফটোগ্ৰাফী ছ’চাইটিৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ফটো প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দুই শতাধিক ফটো প্ৰদৰ্শন কৰা এই প্ৰদৰ্শনীৰ দ্বাৰ ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰই মুকলি কৰে। অনুষ্ঠানত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান শাখাৰ মুৰব্বী লোহিত ডেকা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক