আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে’ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।
আমাৰ গ্ৰহটোৰ বাবে সংবাদ মাধ্যম: পাৰিপাৰ্শ্বিকতাৰ সংকটৰ প্ৰেক্ষাপটত সাংবাদিকতা বিষয়টোক এইবেলি বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয় হিচাপে গ্রহণ কৰা হৈছে। এই বিশেষ দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ গুটেৰেছে কয় যে, সমগ্ৰ বিশ্বৰ পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘটনাৱলীৰ লগতে বতৰ বিষয়ক জৰুৰী পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণক তথ্যৰ যোগান ধৰা তথা শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। তেওঁলোকৰ কৰ্মৰাজীৰ জৰিয়তেই পৃথিবীত পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত নিজৰ কৰণীয়ৰ বিষয়ে জনসাধাৰণ অৱগত হ’ব পাৰিব বুলিও সচিব প্রধানগৰাকীয়ে মত প্রকাশ কৰে। উল্লেখযোগ্য যে ইউনেস্কোৰ সাধাৰণ অধিবেশনৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৩ চনত আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে বিশ্ব প্ৰেছ স্বাধীনতা দিবস পালন কৰিছিল।