আজি বিশ্ব জলাতংক দিৱস

আজি বিশ্ব জলাতংক দিৱস। প্রতিষেধকবিহীন কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ ফলত দেখা দিয়া এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয় হ’ল ব্ৰেকিং ৰেবিজ বাউণ্ডেৰিজ অর্থাৎ জলাতংক ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা। জৰীপ অনুসৰি প্ৰতিবছৰে সমগ্ৰ বিশ্বত এই ৰোগত ৫৯ হাজাৰ লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত জি এ আৰ চি নামৰ সংস্থাৰ উদ্যোগত ২০০৭ বৰ্ষৰ আজিৰ দিনটোত প্ৰথম বিশ্ব জলতংক দিৱস পালন কৰা হৈছে। জলাতংক ৰোগৰ প্ৰথমটো প্ৰতিষেধক বিকশাই তোলা ফৰাছি বিজ্ঞানী লুই পাষ্ট’ৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই দিৱস উদযাপন আৰম্ভ হৈছিল। জলাতংক ৰোগৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ লগতে পোহনীয়া জীৱ-জন্তুৰ টীকাকৰণ আৰু মুকলিকৈ ঘুৰি ফুৰা অন্য জীৱ জন্তু ৰোগাক্ৰান্ত হলে তেনে জন্তুৱে যাতে মানুহ বা অন্য জীৱ-জন্তুকৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু চিকিৎসা ব্যৱস্থা কৰাৰ লক্ষ্যৰে এই দিৱসত সজাগতা সৃষ্টি কৰা হয়। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব জলাতংক দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
তেজপুৰত আজি বিশ্ব জলাতংক দিৱস উপলক্ষে সপ্তাহজুৰি চলা জলাতংক সজাগতা কাৰ্যসূচীৰ সমাপ্তি উপলক্ষে বিশেষ বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত জলাতংক ৰোগৰ ক্ষেত্ৰত সামাজিক দায়িত্ববোধ হিচাপে লোৱা কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয়। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজিত এই বৈঠকত কেইবাগৰাকীও চৰকাৰী বিষয়া, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশেষজ্ঞসকলে উত্তৰ পূৰ্বাঞ্চলত জলাতংকৰ পৰিস্থিতি, কুকুৰৰ আচৰণ আৰু বনাঞ্চলৰ সমীপৰ অঞ্চলসমূহত জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ সন্দৰ্ভত বিশেষ আলোকপাত কৰে। তেওঁলোকে জলাতংকৰ চিকিৎসাৰ বাবে পৰম্পৰাগত চিকিৎসাৰ পৰিৱৰ্তে আধুনিক চিকিৎসা ব্যৱৱস্থা আকোৱালি লোৱাৰ পোষকতা কৰাৰ লগতে জলাতংক আধিপত্য থকা অঞ্চলসমূহ চিনাক্ত কৰাৰ উপৰি বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়ে সজাগতামূলক পাঠ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। তিনিচুকীয়া জিলাতো এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক