আজি বিশ্ব এইডছ দিৱস। Acquired Immuno Deficiency Syndrome ৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি মধ্যপ্ৰদেশৰ ইণ্ডোৰত বিশ্ব এইডছ দিৱস ২০২৪ৰ কাৰ্যসূচী মুকলি কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ এই অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰৰ এইডছ দিৱসত সজাগতা বৃদ্ধি, চিকিৎসা পদ্ধতি প্ৰসাৰ আৰু এইডছত আক্রান্তসকলৰ বিৰুদ্ধে বৈষম্য দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এইবাৰৰ এইডছ দিৱসৰ মূল বিষয়বস্তু হ’ল শুদ্ধ পথ গ্ৰহণ কৰক। আমাৰ সংবাদদাতাই জনাইছে যে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাই ১৯৯২ চনৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব এইডছ দিৱস পালন কৰি আহিছে।
Site Admin | December 1, 2024 12:18 PM | World AIDS Day