আজি বিজয়া দশমী

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী বা দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ক সূচায়। এই উৎসৱে নৱৰাত্ৰি আৰু শাৰদীয় দুর্গোৎসৱৰো সামৰণি পৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজয়া দশমী উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা শুভেচ্ছা বার্তা যোগে কৈছে যে, এই উৎসৱে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ক সূচায়। তেওঁ কয় যে, এই উৎসৱৰ সৈতে মৰ্যাদা, কৰ্তব্য পৰায়নতা, সদাচাৰ, বিনয় আৰু সাহসিক সংঘৰ্ষৰ ভালেমান প্ৰেৰণাদায়ক কাহিনী জড়িত হৈ আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আস্থাৰ এই উৎসৱে সকলোৰে জীৱনলৈ সাফল্য, সমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয় যে, মা দুৰ্গা আৰু শ্ৰীৰামৰ আশীৰ্বাদত সকলোৱে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে জয়লাভ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক