আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ কৰম পৰৱ

■ ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষিভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰিব। এই উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পৰৱে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু আনন্দৰে পৰিপূৰ্ণ কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰকৃতিৰ সৈতে নিবিড় সম্পর্ক থকা এই উৎসৱত চাহ জনগোষ্ঠীৰ লোকসকলে ঝুমুৰ নৃত্য-গীত গাই ৰং-ৰহইচ আৰু গছ পূজাৰ লগতে শস্য-পথাৰ সেউজীয়া হোৱাৰ মানসেৰে পূজা-পাতল কৰে।

অধিক পঢ়ক

সকলো চাওক