ডাউনলোড
মোবাইল এপ

android apple
signal

February 19, 2025 8:24 PM | Kuwalampur

printer

আজি কোৱালালামপুৰত মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক অনুষ্ঠিত

মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি কোৱালালামপুৰত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব প্ৰধান লোকমন হাকিম বিন অলিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। যোৱা কেইটামান বছৰজুৰি দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত নিয়মীয়া কাৰ্যকলাপেৰে ক্ৰমান্বয়ে বৃদ্ধি পোৱা দ্বিপাক্ষিক সহযোগিতাক লৈ দুয়োপক্ষই সন্তোষ প্রকাশ কৰে। আজিৰ বৈঠকত দুয়োখন দেশে আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন বিষয়ক সামৰি আলোচনা কৰাৰ লগতে প্ৰভাৱশালী আৰু বাস্তৱিক পদক্ষেপ গ্ৰহণৰ জৰিয়তে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা কার্যকলাপ বৃদ্ধিৰ সন্দৰ্ভতো পর্যালোচনা কৰে। চাইবাৰ সুৰক্ষা আৰু কৃত্রিম বুদ্ধিমত্তাৰ দৰে শেহতীয়াকৈ অধিক প্ৰাসংগিক হৈ পৰা ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ৷ ইয়াৰ লগতে প্ৰতিৰক্ষা উদ্যোগ, সামুদ্রিক সুৰক্ষা আৰু বহুপাক্ষিক কার্যকলাপসমূহৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা বৰ্তমানৰ সহযোগিতা বৃদ্ধিৰ বাবেও বৈঠকত কাৰ্যপন্থা হাতত লোৱা হয়। ভাৰত আৰু মালয়েছিয়াই এই বৈঠকতে কৌশলগত পৰিক্ৰমা কাৰ্যকৰী গোট গঠনৰ বাবে নীতি-নিৰ্দেশনা সমূহ চূড়ান্ত কৰে।

 

অধিক পঢ়ক

সকলো চাওক