আজি কাতি বিহু, ৰাজ্যবাসীলৈ  অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি কাতি বিহু। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই কৃষিজীৱী ৰাইজে সেৱা জনাব। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে। কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে ভঁৰালঘৰ, গোহালি, পদুলি আদিত চাকি বন্তি জ্বলাই কৃষিজীৱী ৰাইজে মংগল কামনা কৰিব। ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে আজি কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ সম-জিলা আৰু মহকুমাসমূহত কাতি বিহু পালন কৰা হ’ব। ইয়াৰ লগতে বিভাগীয় আঁচনিসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশে সজাগতা সভাৰো আয়োজন কৰা হৈছে। তদুপৰি কৃষি বিভাগে তুলসী তলত বন্তি প্ৰজ্বলন আৰু শৰাই দিয়াৰ লগতে পথাৰত আকাশবন্তি প্ৰজ্বলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বিবৃতিযোগে শ্রী আচার্যই কয় যে, অসম যিহেতু কৃষি সংস্কৃতিৰে সমৃদ্ধ আৰু ৰাজ্যখনৰ বৃহৎসংখ্যক লোক কৃষিৰ ওপৰতেই নিৰ্ভৰশীল, সেয়েহে কাতি বিহুৰ গুৰুত্ব অপৰিসীম। এই বিহুত তুলসীৰ তলত জ্বলোৱা মাটিৰ চাকিয়ে তুলসীৰ সৈতে আমাৰ অন্তর্নিহিত সম্পৰ্কক সূচায় বুলি তেওঁ মত প্ৰকাশ কৰে । ইপিনে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে শস্য শ্যামলা পথাৰত কৃষকৰ সপোন উজলি উঠাৰ আশাৰে ৰাজ্যবাসীক ওলগ জনাইছে। ৰাজ্যৰ আন বিভিন্ন স্থানৰ লগতে বৰপেটা জিলাতো আজি কাতি বিহুৰ আয়োজন কৰা হৈছে। একেদৰে মৰিগাঁও, দৰং, শিৱসাগৰ, গোলাঘাট, মাজুলী আদি জিলাতো কাতি বিহু পালন কৰিবলৈ লোৱা হৈছে বুলি আকাশবাণীৰ সংশ্লিষ্ট অঞ্চলৰ সংবাদদাতাসকলে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক