প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। এই প্রশাসনিক সংস্কাৰমূলক ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা সাধাৰণ নাগৰিকে ভূমি ৰাজহ দণ্ডাধীকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি বিভিন্ন জিলা পৰ্যায়ৰ সেৱাসমূহ সমজিলাৰ কাৰ্যালয়তে লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সমজিলা মুকলি সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে, আমি ৰাজ্যত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি ঘটাইছো। আজিৰ পৰা ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক এতিয়াৰে পৰা আমি সমজিলা হিচাপে জানিম। সমজিলা মানে জিলাৰ প্রায় সমান, এই ব্যৱস্থাই জনসাধাৰণক চৰকাৰী সেৱাসমূহ লাভ কৰাত অধিক উপকৃত কৰিব। বিত্তমন্ত্রী অজন্তা নেওগে আজি সমজিলাৰ স্বীকৃতি লাভ কৰা যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰে। আনহাতে ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই গোৱালপাৰা জিলাৰ সমজিলাৰ স্বীকৃতি লাভ কৰা আগিয়া সমজিলাৰ কাৰ্যালয় মুকলি কৰে। একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ধুবুৰী জিলাৰ সমজিলাৰ স্বীকৃতি লাভ কৰা গোলকগঞ্জ আৰু বিলাসীপাৰা সমজিলা দুখনৰ কাৰ্যালয় মুকলি কৰে। পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ আৰু পাথাৰকান্দিত দুখন সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰে। গোলাঘাট জিলাৰ সমজিলা স্বীকৃতি লাভ কৰা ডেৰগাঁৱৰ সমজিলা আয়ুক্ত কাৰ্যালয় জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আনুষ্ঠানিকভাৱে মুকলি কৰে। ডেৰগাঁৱৰ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ কাষতে থকা নতুন পৰিদৰ্শন বঙলাটোক ডেৰগাঁও সমজিলাৰ কাৰ্যালয় হিচাপে মুকলি কৰা হৈছে। আনহাতে জিলাখনৰ সমজিলাৰ স্বীকৃতি লাভ কৰা বোকাখাটৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় কৃষিমন্ত্ৰী অতুল বৰাই ফিটা কাটি মুকলি কৰে। মন্ত্ৰী সঞ্জয় কিষাণে গোলাঘাটৰেধনশিৰি সমজিলাৰ কাৰ্যালয়ো আনুষ্ঠানিকভাৱে মুকলি কৰে। গোলাঘাটৰ সৰুপথাৰেও সমজিলাৰ স্বীকৃতি লাভ কৰিছে। মন্ত্ৰী বিমল বৰাই তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাৰ আয়ুক্ত কাৰ্যালয় মুকলি কৰে। কাৰ্যালয়টো মুকলি কৰি বিমল বৰাই কয় যে, সমজিলা মুকলি প্রশাসনক ৰাইজৰ একেবাৰে ওচৰলৈ নিয়াৰ ই এক মহত্তম প্রচেষ্টা। সমজিলাৰ জৰিয়তে জিলাৰ ভিতৰতে ক্ষুদ্ৰ প্ৰশাসনিক গোট হিচাপে সমজিলাই নেতৃত্ব বহন কৰিব। তিনিচুকীয়া জিলাৰ শদিয়াৰ লগতে মাৰ্ঘেৰিটা আৰু ডুমডুমায়ো সমজিলাৰ স্বীকৃতি লাভ কৰিছে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংহলে দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁও সমজিলাৰ আয়ুক্ত কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। দুখন পৃথক জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী সিংহলে কয় যে, শাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে সৰ্বসাধাৰণৰ বাবে চৰকাৰী সেৱাসমূহ অধিক সুলভ আৰু কাৰ্যক্ষম কৰি তোলাৰ দিশত সমজিলা এটা অভিলাসী প্রয়াস। জলসম্পদ, সংসদীয় পৰিক্ৰমা তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি দুটা সুকীয়া অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহীল আৰু শোণিতপুৰ জিলাৰ ন-দুৱাৰ সমজিলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। মন্ত্ৰী পীযূষ হাজৰিকাই সমজিলা আয়ুক্ত কার্যালয় মুকলি কৰি এই ব্যৱস্থাই প্রশাসনিক সংস্কাৰৰ লগতে উন্নয়ন ত্বৰান্বিত কৰিব বুলি উল্লেখ কৰে। ইপিনে, ৰাজ্যৰ প্রশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলাৰ আয়ুক্ত কাৰ্যালয় কাইলৈ মুকলি কৰা হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়টো মুকলি কৰিব। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰীৰ উপৰি নিউ-গুৱাহাটী আৰু দিছপুৰক সমজিলাৰ স্বীকৃতি দিয়া হৈছে। একেদৰে বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে মৰিগাঁৱৰ লাহৰিঘাট আৰু জাগীৰোড, হোজাই জিলাৰ লামডিং, বিশ্বনাথৰ গহপুৰ, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। ইফালে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, দুলীয়াজান, তিংখং আৰু খোৱাং, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ সম-জিলা হিচাপে স্বীকৃতি দিয়া হৈছে। কাছাৰৰ লক্ষীপুৰ আৰু চৰাইদেউ জিলাৰ মাহমৰাই সমজিলাৰ স্বীকৃতি লাভ কৰিছে। প্রথম পর্যায়ত আজি ১৭ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বিপৰীতে কাইলৈ ২২ খন সমজিলাৰ কাৰ্যালয় মুকলি হ’ব।
Site Admin | October 4, 2024 6:57 PM | CM Sub-district