ডাউনলোড
মোবাইল এপ

android apple
signal

May 27, 2024 12:20 PM | Ramel cyclone

printer

আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা

ৰেমল ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্রণ কক্ষসমূহো কাৰ্যক্ষম কৰি তোলা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা দিছে। ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলার্ট জাৰি কৰাৰ বিপৰীতে চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বেড এলার্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত ঘণ্টাত ৪০ৰ পৰা ৪৫ কিলোমিটাৰ বেগেৰে বতাহ বলাবো সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ঠাই বিশেষে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল সাজু কৰি ৰখা হৈছে। জিলা প্ৰশাসনসমূহে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহক পৰিবেশ আৰু পৰিস্থিতি পর্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে। বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ লগতে বৰাক আৰু কুচিয়াৰী নদীত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নির্দেশ দিছে। আনহাতে কামৰূপ জিলা প্রশাসনে ব্ৰহ্মপুত্ৰত আজি আৰু কাইলৈ নাৱৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নদীসমূহত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী পৌৰ নিগমে ভৰলু, বাহিনী, বশিষ্ঠ, মৰা ভকলু আৰু লখিমীজানকে ধৰি প্ৰধান নদী প্রণালীসমূহৰ জাৱৰ নিষ্কাষণ সুনিশ্চিত কৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণৰ সুবিধার্থে ১১২, ১০৭০ আৰু ১০৭৭ জৰুৰীকালীন নম্বৰ মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক