আজিৰে পৰা ২১ জুনলৈকে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুম্বাইত আজিৰে পৰা ২১ জুনলৈ ৭ দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব। National Geographic’s ৰ তথ্যচিত্ৰ ‘Billy and Molly: An Otter Love Story’ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ’ব। উদ্বোধনী বোলছবিখন আজি দিল্লী, ক’লকাতা, চেন্নাই আৰু পুনেত সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ’ব। ৰেড কার্পেট অনুষ্ঠানৰ সময়ত দিল্লীত ১৭ জুনত, চেন্নাইত ১৮ জুনত, কলকাতাত ১৯ জুনত আৰু পুনেত ২০ জুনতো এই বোলছবি প্ৰদৰ্শিত হ’ব। ৭৮ মিনিট জোৰা Billy and Molly: An Otter Love Story শীর্ষক বোলছবিখনৰ নিৰ্দেশনা কৰিছে চার্লি হেমিলটন জেমছে।

অধিক পঢ়ক

সকলো চাওক