ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা অহা ১২ দিনলৈ শিক্ষা, ৰাজহ, উদ্যোগ আৰু বিত্ত বিভাগৰ জৰিয়তে সকলো জিলাতে বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ডা০ ৰণোজ পেগুৱে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। মন্ত্রী অজন্তা নেওগে যোৰহাট জিলা ষ্টেডিয়ামত দিনৰ ১১ বজাত জিলাখনৰ বিকাশৰ ১২ দিনৰ কাৰ্যসূচীও শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আনন্দৰাম বৰুৱা বঁটা আৰু ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ লগতে ২০২৪-২৫ বৰ্ষত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক চাইকেল প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য প্ৰদান কৰা হ’ব। লগতে কৃষি, মীণ, পশুপালন আৰু পশুচিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য আগবঢ়োৱা হয়। ৰাজ্যৰ মাইক্ৰ’ফাইনেন্সৰ ঋণীক No Dues Certificate প্ৰদান কৰা হ’ব। অসম ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানক উদগণি আৰু সকাহ আঁচনিৰ অধীনত কেইবাহাজাৰ হিতাধিকাৰীক সাহায্য প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে এই কাৰ্যসূচীত আত্মসহায়ক গোটৰ মহিলাক স্বাৱলম্ভী হোৱাৰ বাবে প্ৰাৰম্ভিক মূলধন বিতৰণ কৰা হ’ব।
Site Admin | December 11, 2024 10:29 AM | Akashvani | Assam Govt