■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ’ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব।
ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ’ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক ২০২৫, ৱাল্ফ সংশোধনী বিধেয়খ ২০২৪, ইমিগ্ৰেচন আৰু বিদেশী বিধেয়ক ২০২৫, বেংকিং আইন সংশোধনী বিধেয়ক ২০২৪ আৰু ৰে’লৱে সংশোধনী বিধেয়ক ২০২৪, আলোচনা আৰু গ্ৰহণৰ বাবে সদনত উত্থাপন কৰা হ’ব।
১৩ ফেব্ৰুৱাৰীত দুটা পৰ্যায়ত হ’বলগীয়া এইবাৰৰ বাজেট অধিৱেনৰ প্ৰথম পৰ্যায়ত সামৰণি পৰিব। অধিৱেশনৰ দ্বিতীয় পৰ্যায় ১০ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ চলিব।