নৱম এছিয়া অর্থনৈতিক আলোচনা আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত হ’ব। এছিয়া অর্থনৈতিক আলোচনা বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূ-অর্থনীতি বিষয়ক ট্রেক ওৱান পইণ্ট ফাইভ শীর্ষক বার্ষিক ধবজাবাহী আলোচনাৰ অংশ। পুণে আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ সহযোগত এই তিনিদিনীয়া আলোচনাৰ আয়োজন কৰা হৈছে। এই আলোচনাৰ মূল বিষয়বস্তু হৈছে – বিখণ্ডনৰ যুগত অর্থনৈতিক স্থিতিস্থাপকতা আৰু পুনৰুদ্ধাৰ। এই দুদিনীয়া আলোচনাত কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষাৰ অৰ্থনৈতিক বাধ্যবাধকতা আৰু ভাৰত মহাসাগৰ অঞ্চল তথা সামুদ্রিক অর্থব্যৱস্থাৰ বিভিন্ন দিশ সামৰি লোৱা হ’ব।
Site Admin | February 20, 2025 7:13 AM | 9th Asia Economic Dialogue
আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত নৱম এছিয়া অর্থনৈতিক আলোচনা
