তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেন্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলনৰ আয়োজন কৰা হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি উদ্বোধনী অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড, পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নামচুৰ লগতে কেইবাগৰাকীও মুখ্য বিষয়াই অংশগ্ৰহণ কৰে ৷
Site Admin | July 10, 2024 7:40 PM | PIB Meeting
আজিৰে পৰা তিনিদিনীয়াকৈ পি আই বি আৰু চি বি চিৰ উদ্যোগত মাণ্ডলিক সন্মিলন
