আজিৰে পৰা গোৱালপাৰাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত

ৰাভা জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আজিৰে পৰা গোৱালপাৰা জিলাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আৰু সাংস্কৃতিক কৰ্মী জোনালী ৰাভা আৰু সঞ্জয় ৰাভাৰ নেতৃত্বত এই কর্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই শুভাৰম্ভ কৰা কৰ্মশালাত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক