ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2024 7:25 PM | Postal Belot

printer

আজিৰেপৰা বৰপেটাত পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্রহণ সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে নির্বাচনী প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৰপেটা জিলাত আজিৰেপৰা পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনত কৰ্মৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিবোৰৰ ভোটদাতাসকলৰ বাবে এই ভোটগ্রহণ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে বৰপেটা জিলা পৰিষদৰ কাৰ্যালয় আৰু বাৰাদিৰ আৰক্ষী নিবেশত দুটা ভোটকেন্দ্র স্থাপন কৰা হৈছে। জিলা নির্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা জিলাত ৩৩ গৰাকী অসামৰিক বিষয়া-কৰ্মচাৰী আৰু দুগৰাকী আৰক্ষীয়ে পোষ্টেল বেলটেৰে ভোটদান কৰিব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও পোষ্টেল বেলটেৰে ভোটগ্ৰহণ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে। একেদৰে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিতো পোষ্টেল বেলটৰ ভোটদান প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে আজি জিলা আয়ুক্ত কাৰ্যালয়ত গঠন কৰা পোষ্টেল বেলট কোষত গৈ তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে অহা ২৬ এপ্ৰিললৈকে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা লাভ কৰিব বুলি জিলাখনৰ ৰিটার্নিং বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক