ডাউনলোড
মোবাইল এপ

android apple
signal

November 15, 2024 8:08 PM | #COP29

printer

আজাৰবাইজানৰ বাঁকুত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন বিষয়ক COP-29 সন্মিলন

সঘনাই হৈ থকা বিপৰ্যয়ৰ পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে বুলি আজাৰবাইজানৰ বাঁকুত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন বিষয়ক COP-29 সন্মিলনত ভাৰতে প্ৰকাশ কৰিছে। ভাৰতে কালি COP-29 সন্মিলনত জলবায়ু বিত্ত সম্পৰ্কীয় মন্ত্ৰী পৰ্যায়ৰ বৈঠকত সমভাৱাপন্ন দেশসমূহৰ হৈ দিয়া এটা বিবৃতিত এইদৰে মন্তব্য কৰে। কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নৰেশ পাল গংগৱাৰে কয় যে প্ৰতিকূল বতৰৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বিশেষকৈ গ্লোবেল ছাউথ ৰূপে পৰিচালিত তুলনামূলকভাৱে কম অর্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নৰ দেশসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ সমস্যা দূৰ কৰাৰ অভিপ্ৰায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আৱশ্যকতা আছে। তেওঁ কয় যে উন্নত ৰাষ্ট্ৰসমূহে ২০৩০ বৰ্ষলৈকে বছৰি কমেও ১ লাখ ৩০ হাজাৰ কোটি ডলাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত যাতে উন্নয়নশীল দেশসমূহৰ আৱশ্যকতা পূৰণ কৰিব পৰা যায় ৷

অধিক পঢ়ক

সকলো চাওক