কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰিব। বৈঠকত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰো উপস্থিত থাকিব। এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব। উত্তৰ-পূব পৰিষদৰ এই পূৰ্ণাংগ বৈঠক কাৰিকৰী সত্ৰৰে কালি আৰম্ভ হৈছে। জ্যোতিৰাদিত্য সিন্ধিয়াই কালি সন্ধিয়া আগৰতলাত উপস্থিত হৈ সাংবাদিকৰ আগত কয়, যে এই বৈঠকে উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ নতুন বুনিয়াদ গঢ়িব। অদূৰ ভৱিষ্যতে এই অঞ্চলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচৰা ধৰণে বিকশিত অঞ্চল হিচাপেও পৰিগণিত হ’ব বুলি মন্ত্ৰী সিন্ধিয়াই দৃঢ়তাৰে কয়। এই বৈঠকত উত্তৰ-পূব পৰিষদৰ বিগত বছৰবোৰৰ কাম-কাজ আলোকপাত কৰাৰ লগতে প্ৰত্যাশাসমূহৰো প্ৰতিফলন কৰা হ’ব । উত্তৰ-পূবৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এখন বেংকিং সন্মিলনতো সভাপতিত্ব কৰিব বুলি শ্রীসিন্ধিয়াই জানিবলৈ দিয়ে। এই সন্মিলনত চৰকাৰৰ অধীনস্থ আৰু ব্যক্তিগত খণ্ডৰ সকলো বেংকৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি অঞ্চলটোত থকা বেংকৰ শাখাসমূহৰ বিষয়েও সম্যক বিশ্লেষণ কৰা হ’ব।
Site Admin | December 21, 2024 12:02 PM | HM NE Council-72 Meet