ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে লগতে গুজৰাট, কোংকণ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া, মধ্য প্ৰদেশ, বিদর্ভ আৰু ছত্তিশগড়তো এই সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক, বিহাৰৰ বাকী থকা অঞ্চল, ঝাৰখণ্ড, সমগ্র পশ্চিমবংগ, ছিকিম আৰু ছত্তিশগড়ৰ আৰু অধিক অংশ, মধ্য প্ৰদেশ, ওড়িশা, অসম আৰু মেঘালয়ৰ পৰা আঁতৰি গৈছে বুলি বতৰ বিজ্ঞান বিভাগৰ কাৰ্য্যালয়ে প্ৰকাশ কৰিছে।
Site Admin | October 13, 2024 9:22 PM | IMD | IMD weather | Weather alert
আগন্তুক ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
