ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই শাসকীয় বিজেপি দলৰ সহযোগী দল অসম গণ পৰিষদে হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৰ নেতৃবৃন্দই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া বিধানসভা সমষ্টি কেইটাত তৎপৰতাৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। অসম গণ পৰিষদ দলে হৈ যোৱা লোকসভা নিৰ্বাচনত অন্ততঃ এখন আসন লাভ কৰিব বুলি আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে, অগপই এইবাৰ বৰপেটা আৰু ধুবুৰীত নিজৰ প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাবলৈ সুযোগ পাইছিল। আজি গুৱাহাটীত দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জিলা পৰ্যায়ৰ কৰ্মীৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পঞ্চায়ত নিৰ্বাচন আৰু উপ-নির্বাচনসমূহত দলে পালন কৰিবলগীয়া ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখযোগ্য যে, যোৱা বছৰৰ ডিচেম্বৰ মাহতে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও লোকসভা নিৰ্বাচনৰ বাবে এই নির্বাচন পিছুৱাই দিয়া হৈছিল।
Site Admin | May 21, 2024 8:31 PM | Panchayat Election AGP