আকাশবাণী গুৱাহাটীৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱা

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কালি নিশাৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। বাক্সা জিলাৰ আমাৰ সংবাদদাতাই আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুটা লোকসভা সমষ্টি ক্ৰমে দৰং-ওদালগুৰিত ২৬ এপ্ৰিলত আৰু কোকৰাঝাৰত ৭ মেত নির্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ৮ লাখৰো অধিক ভোটদাতাই ভোটদান কৰিবলগীয়া জিলাখনত ৯৪৬টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। ইয়াৰে দৰং-ওদালগুৰি সমষ্টিত ১২টা স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্ৰ আছে বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে, সমষ্টিটোৰ ৫০ গৰাকী খণ্ড বিষয়াই ভোটগ্রহণ কেন্দ্ৰসমূহত পৰিদৰ্শন কৰি আছে। আনহাতে নতুন ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বাটৰ নাট আদিকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি চাহ বাগান অঞ্চলৰ ভোটদাতাসকলৰ মাজত ভোটদানৰ গুৰুত্ব বৃদ্ধিৰ বাবে এখন ফুটবল প্রতিযোগিতাৰ আয়োজন কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক