আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ ৯৭১৬৬-৮০৯৬৯ আৰু ৯৬১৯৬–৮৬৬৫৯ নম্বৰলৈ WHATSAPP যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ’ প্ৰেৰণৰ অন্তিম দিন ২৮ জুনৰ সন্ধিয়া ৭বজা ধাৰ্য কৰা হৈছে। নির্বাচিত তিনিগৰাকী প্ৰতিযোগীক অহা ১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ’ব। আকাশবাণী গুৱাহাটীয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰোতাসকলক তেওঁলোকৰ পুৰণি ৰেডিঅ’ ছেট আনৰ আগতো প্ৰদৰ্শন কৰাৰ সুযোগ দিব বিচাৰিছে। এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও ৩০ বছৰ পুৰণি আপোনাৰ ৰেডিঅ’টিৰ এখন ফটো, গৰাকীৰ নাম, ক্ৰয় কৰাৰ বৰ্ষ আৰু যোগাযোগৰ নম্বৰসহ 60035-40566 WHATSAPP নম্বৰ আৰু AIRGHY@GMAIL.COM ই-মেইল আইডি লৈ ২৮ জুনৰ পূৰ্বে পোৱাকৈ পঠিয়াব পাৰে। নিৰ্বাচিত তিনিগৰাকী অংশগ্ৰহণকাৰীক পুৰস্কৃত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক