আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ ১৫ মে’ত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত ৬৭ বছৰ ধৰি জনসাধাৰণক তথ্য, শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে। বহুজন হিতায়, বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষেত্ৰত সংযত হৈ গৰিমা বজাই ৰাখি আহিছে। সম্প্ৰতি আঞ্চলিক বাতৰি বিভাগে দৈনিক ৮খন বুলেটিন, ৮টা নিউজ হেডলাইনছ, চাৰিটা প্রাসঙ্গিক বিষয়ৰ অনুষ্ঠানৰ উপৰি দিল্লীৰ পৰা প্ৰচাৰিত সাম্প্ৰতিক প্ৰসঙ্গৰ অনুষ্ঠান স্পটলাইটৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰে। অসমীয়া ভাষা শুদ্ধকৈ কোৱা আৰু শিকাব ধাৰাবাহিকতা ৰক্ষাৰ প্ৰয়াস চলাই অহা বাতৰি বিভাগটোৱে ২০১৫ চনত শ্ৰেষ্ঠ আঞ্চলিক বাতৰি বিভাগ হিচাপে আৰু একেটা চনতে বার্তা সম্পাদক মানস প্রতীম শর্মাই সাহসী সাংবাদিকতা শিতানত শ্রেষ্ঠ সংবাদদাতা হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে। তদুপৰি কোভিডৰ সময়ছোৱাত অর্থাৎ ২০২১ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ সময়ত কৰা নিৰন্তৰ প্ৰচাৰ আৰু নিৰ্বাচনকেন্দ্ৰিক অথচ নিৰপেক্ষ বাতৰিৰ বাবে ২০২২ চনত বিভাগটোৱে নিৰ্বাচন আয়োগে আগবঢ়োৱা শ্ৰেষ্ঠ সংবাদ মাধ্যমৰ পুৰস্কাৰ লাভ কৰে। জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত আঞ্চলিক বাতৰি বিভাগে অব্যাহত ৰখা নিৰলস সেৱাৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষত চতুৰ্থ ৰাষ্ট্ৰীয় জল পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হয়। কেন্দ্ৰীয় জল শক্তি মন্ত্রালয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আগবঢ়োৱা এই বঁটা বাতৰি বিভাগটোৱে জম্মু-কাশ্মীৰৰ এটাৰ সংস্থাৰ সৈতে যুটীয়াকৈ লাভ কৰিছে। বানৰ সময়ত বিশুদ্ধ পানী সেৱন, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খোৱাপানীত ক্ষতিকাৰক আৰ্চেনিক ফ্লৰাইডৰ অৱস্থিতি সন্দৰ্ভত চৰকাৰ প্রশাসনে জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি পানী বিশুদ্ধকৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত বিভাগে এলানি অনুষ্ঠানত প্ৰচাৰ কৰিছিল। বাতৰি বিভাগৰ পোনপটীয়া ফোন ইন অনুষ্ঠান, দৃষ্টিপাত, সাপ্তাহিক অনুষ্ঠান চলন্তিকা আৰু প্রাসঙ্গিকত এই বিষয়সমূহ সামৰি লোৱা হৈছিল। আকাশবাণীৰ বাতৰি সমাজৰ অধিক সংখ্যক শ্ৰোতাৰ মাজলৈ লৈ যোৱাৰ বাবে সামাজিক মাধ্যমতো উপলব্ধ কৰোৱাবলৈ প্ৰয়াস কৰা হৈছে। জনসাধাৰণে News on AIR এপত বাতৰি শুনাৰ লগতে বাতৰি আৰু অন্য অনুষ্ঠান ইউটিউব চেনেল AIR News Guwahati, ফেচবুক পেজ আৰু এক্স হেণ্ডেলতো শুনিব পাৰে। প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত বাতৰি বিভাগৰ দোষ-ত্রুটি আঙুলিয়াই দি সহযোগ আগবঢ়োৱা প্ৰতিগৰাকী সচেতন আৰু সহৃদয় শ্ৰোতালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হ’ল।
Site Admin | May 15, 2024 5:57 PM | Foundation Day