June 30, 2024 5:49 PM | Maan ki Baat

printer

আকাশবাণীৰ সংস্কৃত বুলেটিনৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক  প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আকাশবাণীৰ সংস্কৃত বুলেটিন প্ৰচাৰৰ আজি ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত ৫০ বছৰে এই বুলেটিনে ভালেমান জনসাধাৰণক সংস্কৃতৰ সৈতে সংপৃক্ত কৰি ৰাখিছে শ্রীমোদীয়ে কয় যে, প্রাচীন ভাৰতীয় জ্ঞান আৰু বিজ্ঞানৰ অগ্ৰগতিত সংস্কৃতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ সংস্কৃতক জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত আৰু সন্মান প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক