ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী বিশেষ ব্যক্তি

সময় আৰু সমাজৰ বিভিন্ন প্রত্যাহ্বান নেওচিও সমাজৰ একাংশ লোকে দুৰ্গতসকলৰ সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি প্ৰচাৰ কৰা দৃষ্টিপাত অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী ব্যক্তি কেয়াৰ ইউ-থ্রী ছিক্সটি ফাইভ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্প এইড ফাউণ্ডেচনৰ অধ্যক্ষ অঞ্জলিনা দেৱ চৌধুৰী আৰু বাটে-পথে অৱহেলিত-অনাদৃত হৈ ঘূৰি ফুৰা কুকুৰ-মেকুৰী প্ৰতিপালন কৰা সংগঠন অভিনৱ প্ৰয়াসৰ অধ্যক্ষ উর্মিমালা দাসে এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে ইচ্ছাৰ দৃঢ়তা থাকিলে বিভিন্ন বাধাকো নেওচি লক্ষ্যত উপনীত হব পাৰে। দৃষ্টিহীনসকলৰ বাবে কাম কৰি অহা ভৃগু বৰঠাকুৰে এই অনুষ্ঠানত কেইবাগৰাকীও দৃষ্টিহীন শ্ৰোতাৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সহায়ৰ বাবে পৰামৰ্শ দিয়ে। অনুষ্ঠানত অঙ্গুলিনা দেৱ চৌধুৰীয়ে শিক্ষাৰ পৰা বঞ্চিত শিশুসকলৰ দক্ষতা বিকাশ কৰি কিদৰে মূল সূতিলৈ উভতাই আনিব পাৰি সেই বিষয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা জানিবলৈ দিয়ে। একেদৰে উর্মিমালা দাসে অনুষ্ঠানত কয়, যে সাম্প্রতিক সময়ত একাংশ লোকৰ হিংস্র মানসিকতাৰ বাবে পশু পক্ষীৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। তেওঁ লগতে এনে নিৰাশ্রয় জন্তুৰ চোৱা চিতাৰ বাবে নিজৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে হৈ থকা কামসমূহৰ বিষয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক