প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতে আজি ১০ বছৰ সম্পূৰ্ণ কৰে। ২০১৪ চনৰ আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি জনসাধাৰণৰ মনৰ ভাব ব্যক্ত কৰিছিল। এই ১০ বছৰৰ যাত্ৰাত প্রধানমন্ত্ৰীয়ে সামাজিক, সাংস্কৃতিক, পৰিৱেশ আৰু আচৰণ আদিৰ বিষয়সমূহৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। দেশৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰীৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত মন কী বাত কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত হৈছে। মন কী বাতৰ বিগত মাহৰ খণ্ডত প্রধানমন্ত্রীয়ে কয় যে এই কাৰ্যসূচীৰ ১০ বছৰীয়া যাত্ৰাই মন কী বাতৰ প্ৰতিটো খণ্ডই এটা নতুন অভিলেখ, নতুন গাঁথা সৃষ্টি কৰিবলৈ সক্ষম হয়। তেওঁ কয় যে যেতিয়া সমাজৰ বাবে কিছুমান উল্লেখনীয় কাম কৰা হয়, তেতিয়া মন কী বাতৰ জৰিয়তে স্বীকৃতি লাভ কৰা যায়। প্রধানমন্ত্রীয়ে লগতে কয় যে মন কী বাতৰ শ্ৰোতাসকলেই হৈছে এই কাৰ্যসূচীৰ প্ৰকৃত অনুপ্ৰেৰণা।
Site Admin | October 3, 2024 7:12 PM | 10 Years Maan ki Baat