April 15, 2024 2:18 PM | IPL Cricket

printer

আই পি এল ক্রিকেট ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নিকোলাছ পুৰানে ৪৫ ৰান কৰাৰ লগতে কে এল ৰাহুলে ৩৯ ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৫ অভাৰ ৪টা বলতে বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ফিলিপ ছল্টে ৮৯ ৰান কৰি আউট নোহোৱাকৈ থাকে। ছল্টক প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ২০ ৰানত পৰাজিত কৰে। মুম্বাই ইণ্ডিয়ানছে ২০৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰোহিত শর্মাই ১০৫ ৰান কৰি অপৰাজিত হৈ থাকে। চেন্নাইৰ মেথিছা পাথিৰানাই ৪টা উইকেট দখল কৰাৰ লগতে তুষাৰ দেশপাণ্ডে আৰু মুস্তাফিজুৰ ৰহমানে এটাকৈ উইকেট লাভ কৰে। আনহাতে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ২০৬ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ৰুতুৰাজ গাইকোৱাডে ৬৯, শিবম ডুবে ৬৬ আৰু ৰাশ্বিন ৰবীন্দ্ৰই ২১ ৰান কৰে। মেথিছা পাথিৰানাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

অধিক পঢ়ক

সকলো চাওক