April 27, 2024 11:33 AM | IPL

printer

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পাঞ্জাব কিংছৰ হাতত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

 যোৱা নিশা কলকাতাৰ ইডেনগাৰ্ডেছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কলকাতা নাইটৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৬২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৪ টা বলত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ জনী বেয়ৰষ্টোই ১০৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শশাংক সিঙে ৬৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে কলকাতা নাইটৰাইডাছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৬১ ৰাণ কৰে। কলকাতাৰ হৈ ফিলিপ ছল্টে ৭৫ ৰাণ কৰাৰ বিপৰীতে সুনীল নাৰায়ণে ৭১ ৰাণৰ বৰঙণি আগবঢ়ায়। পাঞ্জাবৰ হৈ অৰ্শদীপ সিঙে ২টা উইকেট দখল কৰে। জ’নী বেয়ৰষ্টোক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷ প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ’বলগীয়া প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছ দেলহী কেপিটেলছৰ বিৰুদ্ধে অবতীর্ণ হ’ব। আনহাতে সন্ধিয়া চাৰে ৭ বজাত লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক