April 21, 2024 12:56 PM | IPL Cricket

printer

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু -কলকাতা নাইটৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। বিয়লি চাৰে ৩ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ’বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, সন্ধিয়া চাৰে ৭ বজাত চণ্ডীগড়ত হ’বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি হ’ব। প্রতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ৬৭ ৰানত পৰাস্ত কৰে। দেলহি কেপিটেলছে ২৬৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অ’ভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৯৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। দেলহি কেপিটেলছৰ হৈ জেক ফ্ৰেজৰ মেকগৰ্কে ১৮ টা বলত ৬৫ ৰান কৰে। হায়দৰাবাদৰ টি নটৰাজনে ৪টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৬৬ ৰান কৰে। হায়দৰাবাদৰ হৈ অ’পেনাৰ ট্ৰেৱিছ হেড আৰু অভিষেক শর্মাই প্রথম ৬ অভাৰত ১২৫ ৰান কৰি টি টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত পাৱাৰ প্লেত সৰ্বাধিক ৰান কৰাৰ অভিলেখ গঢ়ে। হেডে ৩২টা বলত ৮৯ ৰান কৰাৰ বিপৰীতে অভিষেক শর্মাই ১২টা বলত ৪৬ ৰানৰ বৰঙণি আগবঢ়ায়। ট্রেৱিছ হেডক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ৷ কালিৰ খেলৰ ফলাফলৰ পাছত হায়দৰাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আৰু দেলহি কেপিটেলছ ষষ্ঠ স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক