April 16, 2024 11:54 AM | IPL Cricket

printer

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালিৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চানৰাইজাৰ্ছ হায়দাবাদৰ জয়লাভ

চানৰাইজাৰ্ছ হায়দাবাদে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত যোৱা নিশা ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি বেংগালুৰু দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ দিনেশ কার্তিকে ৩৫ টা বলত সর্বাধিক ৮৩ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৰ অধিনায়ক ফাফ ডু প্লেছিছে ২৮ টা বলত ৬২ আৰু বিৰাট কোহলিয়ে ২০টা বলত ৪২ ৰান কৰে। হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা, মায়ংক মার্কাণ্ডে ২টা আৰু টি নটৰাজনে এটা উইকেট দখল কৰে। ইয়াৰ আগেয়ে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২৮৭ ৰান কৰে। দলটোৰ হৈ টেভিছ হেডে ৪১ টা বলত ১০২ ৰান কৰাৰ বিপৰীতে হেনৰিক ক্লাছেনে ৬৭ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৰ হৈ এইডেন মাক্রামে ৩২ আৰু আব্দুল ছামাদে ৩৭ ৰান কৰে। বেংগালুৰুৰ লকী ফাল্গুচনে দুটা আৰু ৰিছ টপলিয়ে এটা উইকেট দখল কৰে। ট্রেভিছ হেডক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। এই জয়ৰ পাছত হায়দাবাদ সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে বেংগালুৰু দশম স্থানত আছে। প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক