April 7, 2024 9:31 PM | IPL Cricket

printer

আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে ২৯ ৰানত জয়ী

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দেলহি কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰোহিত শৰ্মাই ২৭টা বলত ৪৯ ৰান কৰাৰ বিপৰীতে টীম ডেভিডে ২১টা বলত ৪৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ডেলহি কেপিটেলছে ত ৮টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে।

ডেলহি কেপিটেলছৰ হৈ অক্ষৰ পেটেল আৰু এন্দ্ৰিক নর্জে দুটাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত আজি গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি হৈছে।  লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক জয়ৰ বাবে ১৬৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক